মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
সামাজিক দায়বদ্ধতা- সমাজৰ প্ৰকৃততে উন্নয়ন তেতিয়াহে সম্ভৱ, যেতিয়া সমাজসেৱাৰ লগত জড়িত প্ৰতিটো সংগঠনে ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ বাবে কাম কৰিব। এটা সংগঠনে আন এটা সামাজিক অনুষ্ঠান বা সংগঠনে আন অনুষ্ঠান বা সংগঠনক পৰিপুৰক হিচাপে ধৰি একতাৰ বান্ধোনেৰে কাম কৰিলে সমাজৰ বহু উন্নয়ন হ'ব। সমাজৰ হকে কাম কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰায় দেখো সমাজৰ প্ৰায়বোৰ সংগঠনৰ মাজত একতাৰ অভাৱৰ বাবেই সমাজৰ বিভিন্ন সমস্যাবোৰ কেতিয়াও ওৰ পৰা নাই। সমাজৰ প্ৰতিটো সমস্যা সমাধা হ'বৰ হ'লে প্ৰতিটো সংগঠনৰ মাজত থাকিব লাগিব ঐক্য আৰু একতা। অসমক বাদ দি বাকী সকলো ৰাজ্যতে সংগঠনবোৰৰ মাজত একতা দেখা যায়। যাৰ ফলস্বৰুপে সেই ৰাজ্যসমুহৰ মাজত দেখা দিয়া যিকোনো সমস্যা সোনকালেই সমাধা হয়, কিন্তু অসমত বহু সংঠন থকা স্বত্বেও সকলোৰে মাজত ঐক্য, একতা আৰু সম্প্ৰীতি নথকা বাবে আজিলৈকে কোনো সমস্যাই ভালদৰে সমাধা হোৱা নাই। তাতে অসমৰ দৰে ৰাজ্যত সমস্যাৰ সীমা সংখ্যা নাই। গতিকে প্ৰতিটো সংগঠন অনুস্থানলৈ মোৰ অনুৰোধ আহক সকলো একেলগে কাম কৰি সমাজৰ প্ৰতিটো সমস্যা দুৰ কৰো। সময় যিমানে যাব সমস্যাও সিমানে বাঢ়িব।
Write more about it
ReplyDelete