Skip to main content

Posts

Showing posts from February 6, 2018

প্ৰত্যাহ্বান আৰু সমস্যা

জীৱনত পোৱা যিকোনো প্ৰত্যাহ্বানক কেতিয়াও বেছিকৈ গুৰুত্ব নিদিব, যেতিয়াই আপুনি যিকোনো প্ৰত্যাহ্বানক বেছিকৈ গুৰুত্ব দিবলৈ ল'ব তেতিয়াই ই হৈ পৰিব আপোনাৰ বাবে এক সমস্যা।প্ৰতিটো সমস্যাই পাৰ কৰক হেলাৰঙে, আপুনি যদি সৎ পথত থাকে তেন্তে কোনো প্ৰত্যাহ্বানেই আপোনাৰ বাবে কেতিয়াও সমস্যা হ'ব নোৱাৰে। সততা আৰু নিষ্ঠাৰে কাম কৰি যাওক, জীৱনৰ সকলো প্ৰত্যাহ্বান সহজেই পাৰ কৰিব পাৰিব।

নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অভিভাৱকৰ ভুমিকা

আপোনাৰ সন্তানে ভৱিষ্যতে ঘৰতে বহি আৰামত খাব পৰাকৈ অগাধ ধন সম্পত্তি সঁচাতকৈ আপোনাৰ সন্তানক শৈক্ষিকভাৱে এনেদৰে গঢ় দিয়ক যাতে ভৱিষ্যতে সি নিবনৱা হৈ আপোনাৰ কষ্টোপাৰ্জিত ধনৰ বলত ঘৰ চলাব লগা নহয়, অন্ততঃ দেশত নিৱনুৱাৰ দৰে ভয়াবহ সমস্যা কিছু হ'লেও কমিব…।

সামাজিক দায়বদ্ধতা

সামাজিক দায়বদ্ধতা- সমাজৰ প্ৰকৃততে উন্নয়ন তেতিয়াহে সম্ভৱ, যেতিয়া সমাজসেৱাৰ লগত জড়িত প্ৰতিটো সংগঠনে ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ বাবে কাম কৰিব। এটা সংগঠনে আন এটা সামাজিক অনুষ্ঠান বা সংগঠনে আন অনুষ্ঠান বা সংগঠনক পৰিপুৰক হিচাপে ধৰি একতাৰ বান্ধোনেৰে কাম কৰিলে সমাজৰ বহু উন্নয়ন হ'ব। সমাজৰ হকে কাম কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰায় দেখো সমাজৰ প্ৰায়বোৰ সংগঠনৰ মাজত একতাৰ অভাৱৰ বাবেই সমাজৰ বিভিন্ন সমস্যাবোৰ কেতিয়াও ওৰ পৰা নাই। সমাজৰ প্ৰতিটো সমস্যা সমাধা হ'বৰ হ'লে প্ৰতিটো সংগঠনৰ মাজত থাকিব লাগিব ঐক্য আৰু একতা। অসমক বাদ দি বাকী সকলো ৰাজ্যতে সংগঠনবোৰৰ মাজত একতা দেখা যায়। যাৰ ফলস্বৰুপে সেই ৰাজ্যসমুহৰ মাজত দেখা দিয়া যিকোনো সমস্যা সোনকালেই সমাধা হয়, কিন্তু অসমত বহু সংঠন থকা স্বত্বেও সকলোৰে মাজত ঐক্য, একতা আৰু সম্প্ৰীতি নথকা বাবে আজিলৈকে কোনো সমস্যাই ভালদৰে সমাধা হোৱা নাই। তাতে অসমৰ দৰে ৰাজ্যত সমস্যাৰ সীমা সংখ্যা নাই। গতিকে প্ৰতিটো সংগঠন অনুস্থানলৈ মোৰ অনুৰোধ আহক সকলো একেলগে কাম কৰি সমাজৰ প্ৰতিটো সমস্যা দুৰ কৰো। সময় যিমানে যাব সমস্যাও সিমানে বাঢ়িব।