প্ৰতি অসমীয়াৰ প্ৰতি আহ্বানঃ হেৰৌ অসমীয়া, সাবধান হ', এইয়া বিশ্বায়ন( Globalization) ৰ যুগ, নিজৰ মাটি বহিৰাগতক বিক্ৰী কৰা বন্ধ কৰ। নহ'লে এদিন নিজৰ অস্তিত্ব বিলীন হৈ যাব, তেতিয়া কিন্তু গমকে নাপাবি। নাথাকিব তোৰ মাটি, নাথাকিব তোৰ ভেটি, কিম্বা জাতি সংস্কৃতি, সকলো হেৰুৱাই এদিন যে হৈ পৰিবি দিশহাৰা। সময় থাকোতেই সলনি হ', নিজৰ মাটিত খেতি কৰা আৰম্ভ কৰ, আৰম্ভ কৰ এক সেউজ বিপ্লৱৰ, নিজৰ বাবে নহ'লেও, পৰৱৰ্তী প্ৰজন্মৰ বাবে। ভাৱি চা, এদিন যদি তোৰ ল'ৰা ছোৱালীয়ে এইখন অসমতে নিজৰ অস্তিত্ব হেৰুৱাই বিদেশীৰ নাম পাই। তেতিয়া জানো তই পাৰিবি চাই থাকিব? পাৰিবি ক…? বিজয় কুমাৰ চাৰণ যোৰহাট, অসম
কিছু যোগাত্মক চিন্তাৰে মানুহৰ মনত নতুন চিন্তাধাৰা অনাৰ প্ৰয়াস মোৰ। আহক আমি নিজক সলনি কৰি পৃথিৱীখন সলনি কৰো। সকলোৱে বিছাৰে পৰিৱৰ্তন, কিন্তু পৰিৱৰ্তন আহিব কেনেকৈ যদি আমি নিজৰ মাজতে পৰিৱৰ্তন আনিব নোৱাৰো। আহক আমি নিজে সলনি হৈ দেশখন সলনি কৰো, আমাৰ বাবে নহয়, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে। যদি আজি আমি শুই থাকো তেন্তে দেশ কেতিয়াও সাৰ নাপাব। সংঘাত, যুদ্ধ, বিতৰ্ক, জাতিভেদ, ভেদাভেদ পৰিহাৰ কৰি কেৱল যোগাত্মক চিন্তাৰে সকলো ওলাই আহক মানৱতাৰ মাজেৰে, মোৰ এই আহ্বান মাথো, আহক সকলো সহযোগ কৰক…… বিজয় কুমাৰ চাৰণ, অসম।