প্ৰতি অসমীয়াৰ প্ৰতি আহ্বানঃ
হেৰৌ অসমীয়া, সাবধান হ',
এইয়া বিশ্বায়ন( Globalization) ৰ যুগ,
নিজৰ মাটি বহিৰাগতক বিক্ৰী কৰা বন্ধ কৰ।
নহ'লে
এদিন নিজৰ অস্তিত্ব বিলীন হৈ যাব,
তেতিয়া কিন্তু গমকে নাপাবি।
নাথাকিব তোৰ মাটি,
নাথাকিব তোৰ ভেটি,
কিম্বা জাতি সংস্কৃতি,
সকলো হেৰুৱাই
এদিন যে হৈ পৰিবি দিশহাৰা।
সময় থাকোতেই সলনি হ',
নিজৰ মাটিত খেতি কৰা আৰম্ভ কৰ,
আৰম্ভ কৰ
এক সেউজ বিপ্লৱৰ,
নিজৰ বাবে নহ'লেও,
পৰৱৰ্তী প্ৰজন্মৰ বাবে।
ভাৱি চা,
এদিন যদি তোৰ ল'ৰা ছোৱালীয়ে
এইখন অসমতে নিজৰ অস্তিত্ব হেৰুৱাই বিদেশীৰ নাম পাই। তেতিয়া জানো তই পাৰিবি চাই থাকিব?
পাৰিবি ক…?
বিজয় কুমাৰ চাৰণ
যোৰহাট, অসম
Comments
Post a Comment