Skip to main content

Posts

Showing posts from March 21, 2018

বলাৎকাৰ, এক সামাজিক ব্যাধি।

নিজৰ প্ৰেয়সী (Girl Friend) তথা পত্নীক বাদ দি সমাজৰ প্ৰতিগৰাকী নাৰীক নিজৰ বাইদেউ - ভন্টি বুলি ভাৱি সন্মান দিবলৈ আৰম্ভ কৰকচোন, দেখিব সমাজত বলাৎকাৰৰ দৰে জঘন্য কাণ্ডবোৰ নোহোৱা হৈ যাব। প্ৰতিগৰাকী নাৰীয়ে আপোনাৰ ওচৰত নিজকে সুৰক্ষিত অনুভৱ কৰিব। কেৱল মুখৰ শ্লোগানেৰে মানুহ সলনি নহয়, সলনি হ'ব লাগিব মনেৰে। কেৱল শ্লোগান, প্ৰতিবাদ, ধৰ্ণাৰে একো নহয়, যদি মানুহৰ মনৰ পৰিৱৰ্তন আনিব নোৱাৰো। বিজয় কুমাৰ চাৰণ।

সমাজ আৰু ভৱিষ্যত প্ৰজন্ম

এখন সমাজৰ প্ৰতিজন লোকৰে গুৰুত্ব সমান। আপুনি সমাজৰ পৰা কি পালে সেইটো ডাঙৰ কথা নহয়, আপুনি সমাজখনক কি দিলে সেইটোহে আচল কথা। আজি যদি আপুনি সমাজক ভাল কিবা এটা দিব পাৰে তেন্তে ভৱিষ্যতে প্ৰজন্মই আপোনাক এখন ভাল সমাজ দিব।

ভাল কামবোৰ

বেয়া কামটো সকলোৱে কৰে, মানুহৰ অন্তৰত থাকে মাথো সেইসকলক যিসকলে ভাল কাম কৰে। ইতিহাসত সাক্ষী আছে। বেয়া কাম পৰিহাৰ কৰি ভাল কামবোৰত মনোনিবেশ কৰক সকলোৱে, সমাজখনে আপোনাৰ পৰা ভাল কিবা এটা বিছাৰে, গতিকে ভাল কাম এটাৰ জৰিয়তে সমাজলৈ আপোনাৰ অৱদান আগবঢ়াওক। মানুহ হৈ জনম লৈছে যেতিয়া নিজৰ জীৱন সাৰ্থক কৰক ভাল কামৰ মাজেৰে, যাতে অনাগত দিনত আপোনাৰ ভাল কামবোৰে আপোনাক মানুহৰ মাজত জীয়াই ৰাখে। আপোনাৰ আদৰ্শই আপোনাক জীয়াই ৰাখিব মানুহৰ মাজত।