বেয়া কামটো সকলোৱে কৰে, মানুহৰ অন্তৰত থাকে মাথো সেইসকলক যিসকলে ভাল কাম কৰে। ইতিহাসত সাক্ষী আছে। বেয়া কাম পৰিহাৰ কৰি ভাল কামবোৰত মনোনিবেশ কৰক সকলোৱে, সমাজখনে আপোনাৰ পৰা ভাল কিবা এটা বিছাৰে, গতিকে ভাল কাম এটাৰ জৰিয়তে সমাজলৈ আপোনাৰ অৱদান আগবঢ়াওক। মানুহ হৈ জনম লৈছে যেতিয়া নিজৰ জীৱন সাৰ্থক কৰক ভাল কামৰ মাজেৰে, যাতে অনাগত দিনত আপোনাৰ ভাল কামবোৰে আপোনাক মানুহৰ মাজত জীয়াই ৰাখে। আপোনাৰ আদৰ্শই আপোনাক জীয়াই ৰাখিব মানুহৰ মাজত।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment