Skip to main content

Posts

Showing posts from February 4, 2018

আইনজীৱিসকলৰ প্ৰতি

প্ৰতি,       চছিয়েল মেডিয়াৰ লগত জড়িত প্ৰতিগৰাকী সন্মানীয় আইনজীৱিসকলৰ প্ৰতি মোৰ আহ্বান।          বৰ্তমান সময়ত চছিয়েল মেডিয়াৰ অপব্যৱহাৰৰ জৰিয়তে বহু লোকে সমাজত নানান ধৰণৰ সাম্প্ৰদায়িক তথা ধৰ্মীয় বিষবাস্প বিয়পোৱা পৰিলক্ষিত হৈছে। যদিও ভাৰতীয় সংবিধানত চাইবাৰ ক্ৰাইম (Cyber Crime) ৰোধৰ বাবে বহু শক্তিশালী আইন আছে, কিন্তু সাধাৰণ জনতাৰ অজ্ঞতাৰ বাবে বৰ্তমান সময়ত সমাজত বিভিন্ন অশোভনীয় প্ৰচাৰ দেখা পাওঁ, যাৰ বাবে সমাজত এক অশান্ত পৰিবেশৰ সৃষ্টি হৈ আহিছে। মোৰ আহ্বান আপোনালোকৰ প্ৰতি, আপোনালোক প্ৰতিজনেই যিহেতু সকলো ধৰণৰ আইন কানুনৰ বিষয়ে জ্ঞাত, গতিকে আপোনালোকেও বিভিন্ন আইন কানুন সম্পৰ্কে চছিয়েল মেডিয়াত লিখিবলৈ আৰম্ভ কৰক, (বিশেষকৈ চাইবাৰ ক্ৰাইম সম্পৰ্কে) যাতে সমাজৰ সকলোৱে আইন কানুন সম্পৰ্কে কিছু হ'লেও জ্ঞান লাভ কৰে। ইয়াৰ জৰিয়তে সমাজলৈ আপোনালোকেও নিজৰ কিছু যোগাত্মক বৰঙণি আগবঢ়োৱাৰ সুযোগ লাভ কৰিব, ফলস্বৰুপে সমাজত বৰ্তমানে হৈ থকা অশান্তিকৰ পৰিস্থিতি কিছু হ'লেও কমিব। ৰাইজ সজাগ হ'ব, আৰু চছিয়েল মেডিয়া জৰিয়তে কৰা বিতৰ্কৰ পৰা বিৰত থাকিব। আপোনালোকৰ সহযোগিতা কামনা কৰিলো, আশ...

জ্ঞান আৰু জ্ঞানী -

যিজন লোকে নিজৰ জ্ঞান নিজৰ মাজতে আৱদ্ধ কৰি ৰাখে সেইজন কেতিয়াও জ্ঞানী হ'ব নোৱাৰে, যদি তেওঁৰ জ্ঞানখিনি আন কোনো লোকৰ কামত নাহে।

সামাজিক দায়বদ্ধতা -

আপুনি সমাজৰ পৰা কি পালে সেইটো ডাঙৰ কথা নহয়, সমাজক কি দিব পাৰিলে সেইটোহে আচল কথা। আজি আমি সমাজক ভাল কিবা এখন দিলে ভৱিষ্যতে আমাৰ পৰৱৰ্তী প্ৰজন্মই আমাক এখন ভাল সমাজ দিব।

জীৱনৰ সফলতা 2

          আপোনাৰ জীৱন তেতিয়াহে সফল হ'ব যেতিয়া আপুনি আনৰ জীৱনৰ সফলতাৰ কাৰণ হ'ব পাৰিব। সদায় চেষ্টা কৰক আনৰ জীৱনৰ সফলতাৰ আঁৰৰ ব্যক্তিজন হ'বলৈ।

যান্ত্ৰিক যুগত শিশুৰ প্ৰথম পৰিচয় - মা আৰু ম'বাইল

বৰ্তমান সময়ত এটি শিশুৱে জন্মৰ পাছতে দেখা পোৱা বা চিনি পোৱা দুটা নাম "মা আৰু ম'বাইল"। হয়তো বৰ্তমান ডিজিটেল যুগৰ বাবেই এই পৰিৱৰ্তন।

মাতৃভাষাই হৈছে জাতি এটাৰ আয়ুসৰেখা

মাতৃভাষা হৈছে প্ৰতিটো জাতিৰে আয়ুসৰেখা, জাতিটো তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে মাতৃভাষা জীয়াই থাকিব, মাতৃভাষা অবিহনে জাতি এটা অস্তিত্বহীন। বৰ্তমান সময়ত অসমীয়া জাতিটো সেই দিশে ধাৱমান হৈছে। আমাৰ মাজত মাতৃভাষাৰ ব্যৱহাৰ আৰু চৰ্চা কমি গৈছে আমাৰ মাজত। নিজৰ মাতৃভাষাটো নাজানো বুলি কৈ গৌৰৱ কৰা মানুহৰো অভাৱ নাই বৰ্তমান সময়ত, কিন্তু তেওঁলোকেই দিনে ৰাতিয়ে জাতিৰ কথা চিন্তা কৰে। হয়তো বুজা নাই যে মাতৃভাষা অবিহনে জাতি এটাক জীয়াই ৰখা সম্ভৱ নহয় কাৰো। আহক মাতৃভাষাৰ ব্যৱহাৰৰ জৰিয়তে জাতিটোক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহো সকলো। কাৰণ বেজবৰুৱাদেৱ মতে "চিৰ চেনেহী মোৰ ভাষা জননী।"

জীৱনৰ সফলতা ২

          জীৱনত এনেকুৱা কাম কৰা উচিত যিবোৰ কামে অলপ হ'লেও আনক সহায় কৰে, কাৰণ যদিহে কাৰোবাৰ  ক্ষতি হোৱা কাম হয় তেন্তে সেই ক্ষতি হোৱা ব্যক্তিজনে আজীৱন আপোনাক বেয়া দৃষ্টিভংগীৰে চাব, কিন্তু কাৰোবাৰ প্ৰতি অকমান সহায়ে আপোনাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পৃথক কৰিব, তেওঁ হয়তো সেই সন্মান সকলোৰে আগত প্ৰকাশ নকৰিবও পাৰে, কিন্তু আপোনাৰ প্ৰতি সন্মান তেওঁৰ অন্তৰত সদায় থাকিব। সময়ৰ তাৰনাত বা ব্যস্ততাৰ মাজত আপোনাক পাহৰি যাব পাৰে, বা মনত নাৰাখিব পাৰে, কিন্তু জীৱনত হয়তো কোনোবা ক্ষণত তেওঁৰ মনত পুৰণি কথা মনত পৰিব আৰু তেতিয়াই আপোনাক অলপ হ'লেও মনত পেলাব, হয়তো সেইয়া হ'ব আপোনাৰ জীৱনৰ বাবে এক সফলতা।

শ্ৰেষ্ঠতম উপহাৰ - এজোপা গছ

প্ৰকৃতিয়ে হয় যদি জীৱনৰ আধাৰ, এজোপা গছেই হওক শ্ৰেষ্ঠতম উপহাৰ। (গছ ৰোপন কৰক, আৰু প্ৰকৃতিক ৰক্ষা কৰক, কেৱল ভৱিষ্যত প্ৰজন্মৰ বাবে)