Skip to main content

Posts

Showing posts from February 3, 2018

Jorhat Races 2018

        বৃটিছ শাসনৰ ধ্বজাবাহী যোৰহাট জিমখানা ক্লাৱত ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি । অহা ২৩  ফেব্ৰুৱাৰীৰ ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি 'ডগ শ্ব'ও অনুষ্ঠিত কৰা হ'ব। উদ্যোক্তাসকলে সকলো যোৰহাটবাসীৰ উপস্থিতি কামনা কৰিছে।

কবিতা - আজান পীৰ - মফিদা বেগম

আজান পীৰ ____________মফিদা বেগম সুদূৰ পৰা বাগদাদৰ পৰা আহিলা তুমি আল্লাৰ বাণী ঘৰে ঘৰে ক'ম বুলি সৰাগুৰিত সজালা মঠ ছকুৰি ভকত লৈ বিলাই দিলা শান্তিৰ বাণী ৷ জিকিৰ, জাৰী ৰচি  সাহিত্যৰ ভঁৰাল চহকী কৰি অসমীয়া সমাজৰে এজন হিচাপে ৰৈ গ’লা হিন্দু-মুছলমানক একতাৰ ডোলেৰে শক্তিশালী কৰি  দিলা প্ৰকৃত জ্ঞান ধন্য কৰি জাতীয় জীৱন৷

যোৰহাট জিলাৰ পৰ্যটন ক্ষেত্ৰ হিচাপে মৰিয়নিৰ নকচাৰীৰ মৰঙীয়াল গাঁও

           মৰিয়নীৰ নকচাৰীৰ মৰঙীয়াল গাঁৱৰ "চুকাফা আত্ম সহায়ক গোটে" নতুনকৈ স্থাপন কৰা পৰ্যটন স্থলীয়ে পৰ্য্যটকৰ বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। তেঁওলোকৰ প্ৰচেষ্টাত কিছু নিবনুৱাক সংস্থাপন দিয়াৰ ওপৰিও ঠাইডোখৰ আকৰ্ষণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।অসমৰ প্ৰৰ্যতন বিভাগ তথা চৰকাৰে বিশেষ পদক্ষেপ ল'লে ভবিষ্যতে অসমৰ মানচিত্ৰত নকচাৰী মৰঙিয়াল অঞ্চলত পৰ্যটক উদোগ হিচাপে গঢ়াৰ থল আছে। বিজয় কুমাৰ চাৰণ ৮৮৭৬৫৭৭৫৫০ উৎস ঃ সংগ্ৰহ

সততা আৰু আত্মবিশ্বাস

যদি এইখন পৃথিৱীত অসত্য কথা এটাকো সত্য বুলি প্ৰমাণ কৰিব পাৰি, তেন্তে সত্য কথা এটাক কিয় সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিম ? নিচ্ছয় পাৰিম, প্ৰয়োজন মাথো আত্মবিশ্বাস, সততা আৰু নিজৰ স্থিতিত অটল থাকিব পৰা ক্ষমতা। বাৰে বাৰে পৰাজয় বৰণ কৰিও যদি সত্যত অটল থাকে, তেন্তে এদিন হ'লেও সত্যৰে জয় হ'ব, কেৱল প্ৰয়োজন সততা, ধৈৰ্য্য আৰু সহনশীলতা।

Advantage Assam and it's impect on assam

ভাৰত চৰকাৰে নতুনকৈ অসমত যি Advantage Assam ৰ পৰিকল্পনা কৰিছে, সেইটো প্ৰকৃততে সফল হ'ব যদিহে অসমত চাণ্ডা (Donation) তোলা সংস্কৃতি বন্ধ হয়। এজন উদ্যোগপতিৰ মুখত শুনিছিলো অসমলৈ যিকোনো ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিস্থানে কাম কৰিবলৈ আহিব বিছাৰে, কিন্তু অসমত চাণ্ডা (Donation) তোলাৰ যি প্ৰকোপ, সেই প্ৰকোপ দেখিহে অসমত ব্যৱসায় আৰম্ভ কৰিবলৈ কুণ্ঠাবোধ কৰে। গতিকে অসমত যিকোনো ব্যৱসায় বা উদ্যোগে সফলতা লাভ কৰিব পাৰিব যদিহে চাণ্ডা তোলা সংস্কৃতি বন্ধ হয়। চাণ্ডা তোলা সংস্কৃতি বন্ধ কৰি কৰ্ম সংস্কৃতি গঢ়ি তোলক। কেৱল কৰ্মসংস্কৃতিৰ মাজেৰেহে উন্নয়ন সম্ভৱপৰ। অসম উন্নতিৰ পথত বহুদুৰ আগুৱাই যাব যদি এক সুন্দৰ কৰ্মসংস্কৃতি গঢ়িব পৰা যায়।

শিক্ষাৰ হাৰ আৰু জ্ঞান

        শিক্ষাৰ হাৰ যিমানেই বৃদ্ধি হৈছে, সিমানে হ্ৰাস পাইছে জ্ঞানৰ হাৰ। তাৰেই প্ৰতিফলন আজিৰ সমাজত পৰিস্ফুত হৈছে।

মানৱ সম্পদ আৰু ইয়াৰ ব্যৱহাৰ

ভাৰতবৰ্ষই জন্ম দিয়া প্ৰতিগৰাকী যোগ্য আৰু সুদক্ষ মানৱ সম্পদ (Human Resource) ক দেশৰ প্ৰগতি আৰু বিকাশৰ কামত ব্যৱহাৰ কৰক, তেতিয়াহে দেশ প্ৰগতিৰ পথত আগবাঢ়িব। কেৱল অৰ্থৰ স্বাৰ্থতে সুদক্ষ মানৱ সম্পদক বিদেশলৈ ৰপ্তানি বন্ধ কৰক। দেশৰ সম্পদ কেৱল দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰক।

মানৱতাই শ্ৰেষ্ঠ ধৰ্ম

মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।

Super Dancer Voting For Vishal Sarmah

চনী টিভিত হৈ থকা Super Dancer 2018 ত অংশগ্ৰহণকাৰী যোৰহাট তথা অসমৰ সু- সন্তান বিশাল শৰ্মাক আপোনালোকৰ বহুমূলীয়া ভোটটি দি জয়যুক্ত কৰে যেন। superdancer.sonyliv.com ভোটদানৰ সময় ঃ শণিবাৰে ৰাতি ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজালৈ আৰু দেওবাৰে ৰাতি ৮ বজাৰ পৰা সোমবাৰে পুৱা ৮ বজালৈ। ধন্যবাদ

সাম্প্ৰদায়িক মন্তব্যৰ বিপৰীতে

অন্য ধৰ্মক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাসকলৰ প্ৰতি - আপোনালোকে আন যিকোনো ধৰ্মক লৈ যিকোনো ধৰণে সমালোচনা কৰাৰ আগতে অন্ততঃ ভালদৰে ভাগৱত গীতা, কোৰাণ, বাইবেল আদি সকলো ধৰ্মগ্ৰন্থ এবাৰ খৰচি মাৰি পঢ়িব আৰু তাত থকা প্ৰতিটো কথা বুজিবলৈ চেষ্টা কৰিব । তাৰ পাছত যদি আপুনি অন্য ধৰ্মত কিবা ভুল দেখে তেন্তে সেই ভুল সকলোকে দেখাওক বা তাক লৈ সমালোচনা কৰক। অন্য ধৰ্মৰ সাৰমৰ্ম নুবুজাকৈয়ে আনৰ জাতি ধৰ্মক লৈ অনুগ্ৰহ কৰি কোনো ধৰণৰ বিতৰ্ক নকৰিব। মোৰ বিশ্বাস আপুনি যদি প্ৰতিখন ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম বুজি পায় তেন্তে আপুনি হয়তো ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ সলনি মানৱতাৰ জয়গান গাব। মই জানো যিসকলে ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম বুজি পায় সেইসকলে ধৰ্মক লৈ কেতিয়াও বিতৰ্ক নকৰে, কাৰণ কোনো ধৰ্মই আন ধৰ্মক নীচ বা বেয়া বুলি ক'বলৈ শিকোৱা নাই। ধৰ্মই মানুহৰ মাজত একতাৰ বান্ধোনেৰে সুদৃহ কৰে। সকলো ধৰ্মই শিকায় যে  মানৱতাই শ্ৰেষ্ঠ ধৰ্ম, মানৱতাই মামুহক মানুহৰ মাজত জীয়াই ৰাখে। ভাল লাগিলে শ্বেয়াৰ কৰিব যাতে সাম্প্ৰদায়িক মন্তব্যৰ বিপৰীতে সকলোৰে মাজত এক জনমত সৃষ্টি হয়। বিজয় কুমাৰ চাৰণ যোৰহাট, অসম

জীৱনৰ সফলতা ১

যেতিয়াই আপুনি যিকোনো এটা কাম 'বহু কঠিন' বুলি মন্তব্য আগবঢ়ায়, তেতিয়া আপুনি আনৰ আগত এইটো কথাই প্ৰতিপন্ন কৰে যে সেই কামতো কৰাৰ বাবে আপুনি উপযুক্ত নহয় বা সেই কাম কৰাৰ সামৰ্থ আপোনাৰ ওচৰত নাই। গতিকে কেতিয়াও কোনো কামকে কঠিন বুলি ধৰি নল'ব, চিন্তাধাৰাবোৰ যোগাত্মক ভাৱে লৈ কৰি যাওক, কাম যিমানে কঠিন হওক লাগিলে, এদিন সফল হ'বই। কাৰণ আজিৰ বিশ্বত যদিও সকলোবোৰ কাম কম্পিউটাৰে কৰে, এটা কথা মনত ৰাখিব লাগিব যে কম্পিউতাৰকো মানুহে উদ্ভাৱন কৰিছিল, কম্পিউতাৰে কেতিয়াও মানুহ সৃষ্টি কৰা নাই। গতিকে কেৱল কঠিন কাম আৰু প্ৰত্যাহ্বানেহে মানুহক জীৱনৰ প্ৰকৃত লক্ষত উপনীত কৰাব পাৰে। সফলতাৰ কোনো Short Cut থাকিব নোৱাৰে। বিজয় কুমাৰ চাৰণ যোৰহাট ৮৮৭৬৫৭৭৫৫০

Dr Paul’s Advence Hair and Skin Solutions

আপুনি চুলি আৰু চালৰ সমস্যাত ভুগিছে নেকি? আপোনাৰ চুলি সৰা আৰম্ভ হৈছে নেকি? তেন্তে আহক Dr Paul’s Advence Hair and Skin Solutions ত । এতিয়া যোৰহাটত উপলব্ধ। ইয়াত সকলো ধৰণৰ চুলি আৰু চৰ্মৰোগৰ উন্নত মানদণ্ডৰ চিকিৎসা কৰা হয়। সকলো ধৰণৰ অত্যাধুনিক চিকিৎসা উপলব্ধ আমাৰ ইয়াত। আহক আৰু আপোনাৰ সকলো ধৰণৰ সমস্যা দুৰ কৰক। আমাৰ ঠিকনাঃ ঘৰ নং - ১১ এ টি ৰোড, তৰাজান, যোৰহাট ইলাইট গেছ এজেঞ্চিৰ কাষত ফোন - 9508150089

শিশুসকলৰ প্ৰতি দায়বদ্ধতা

আপুনি যদি সামৰ্থ তেন্তে এজন দুখীয়া শিশুৰ পঢ়াৰ দায়িত্ব লওক , যাতে অৰ্থৰ অভাৱত তেওঁ শ্ৰমিক হ'ব নোৱাৰে। কিছু যোগাত্মক চিন্তাৰে…