ভাৰত চৰকাৰে নতুনকৈ অসমত যি Advantage Assam ৰ পৰিকল্পনা কৰিছে, সেইটো প্ৰকৃততে সফল হ'ব যদিহে অসমত চাণ্ডা (Donation) তোলা সংস্কৃতি বন্ধ হয়। এজন উদ্যোগপতিৰ মুখত শুনিছিলো অসমলৈ যিকোনো ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিস্থানে কাম কৰিবলৈ আহিব বিছাৰে, কিন্তু অসমত চাণ্ডা (Donation) তোলাৰ যি প্ৰকোপ, সেই প্ৰকোপ দেখিহে অসমত ব্যৱসায় আৰম্ভ কৰিবলৈ কুণ্ঠাবোধ কৰে। গতিকে অসমত যিকোনো ব্যৱসায় বা উদ্যোগে সফলতা লাভ কৰিব পাৰিব যদিহে চাণ্ডা তোলা সংস্কৃতি বন্ধ হয়। চাণ্ডা তোলা সংস্কৃতি বন্ধ কৰি কৰ্ম সংস্কৃতি গঢ়ি তোলক। কেৱল কৰ্মসংস্কৃতিৰ মাজেৰেহে উন্নয়ন সম্ভৱপৰ। অসম উন্নতিৰ পথত বহুদুৰ আগুৱাই যাব যদি এক সুন্দৰ কৰ্মসংস্কৃতি গঢ়িব পৰা যায়।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment