মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
কিছু যোগাত্মক চিন্তাৰে মানুহৰ মনত নতুন চিন্তাধাৰা অনাৰ প্ৰয়াস মোৰ। আহক আমি নিজক সলনি কৰি পৃথিৱীখন সলনি কৰো। সকলোৱে বিছাৰে পৰিৱৰ্তন, কিন্তু পৰিৱৰ্তন আহিব কেনেকৈ যদি আমি নিজৰ মাজতে পৰিৱৰ্তন আনিব নোৱাৰো। আহক আমি নিজে সলনি হৈ দেশখন সলনি কৰো, আমাৰ বাবে নহয়, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে। যদি আজি আমি শুই থাকো তেন্তে দেশ কেতিয়াও সাৰ নাপাব। সংঘাত, যুদ্ধ, বিতৰ্ক, জাতিভেদ, ভেদাভেদ পৰিহাৰ কৰি কেৱল যোগাত্মক চিন্তাৰে সকলো ওলাই আহক মানৱতাৰ মাজেৰে, মোৰ এই আহ্বান মাথো, আহক সকলো সহযোগ কৰক…… বিজয় কুমাৰ চাৰণ, অসম।
Comments
Post a Comment