যেতিয়াই আপুনি যিকোনো এটা কাম 'বহু কঠিন' বুলি মন্তব্য আগবঢ়ায়, তেতিয়া আপুনি আনৰ আগত এইটো কথাই প্ৰতিপন্ন কৰে যে সেই কামতো কৰাৰ বাবে আপুনি উপযুক্ত নহয় বা সেই কাম কৰাৰ সামৰ্থ আপোনাৰ ওচৰত নাই। গতিকে কেতিয়াও কোনো কামকে কঠিন বুলি ধৰি নল'ব, চিন্তাধাৰাবোৰ যোগাত্মক ভাৱে লৈ কৰি যাওক, কাম যিমানে কঠিন হওক লাগিলে, এদিন সফল হ'বই। কাৰণ আজিৰ বিশ্বত যদিও সকলোবোৰ কাম কম্পিউটাৰে কৰে, এটা কথা মনত ৰাখিব লাগিব যে কম্পিউতাৰকো মানুহে উদ্ভাৱন কৰিছিল, কম্পিউতাৰে কেতিয়াও মানুহ সৃষ্টি কৰা নাই। গতিকে কেৱল কঠিন কাম আৰু প্ৰত্যাহ্বানেহে মানুহক জীৱনৰ প্ৰকৃত লক্ষত উপনীত কৰাব পাৰে। সফলতাৰ কোনো Short Cut থাকিব নোৱাৰে।
বিজয় কুমাৰ চাৰণ
যোৰহাট
৮৮৭৬৫৭৭৫৫০
বিজয় কুমাৰ চাৰণ
যোৰহাট
৮৮৭৬৫৭৭৫৫০
Comments
Post a Comment