Skip to main content

সাম্প্ৰদায়িক মন্তব্যৰ বিপৰীতে

অন্য ধৰ্মক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাসকলৰ প্ৰতি -

আপোনালোকে আন যিকোনো ধৰ্মক লৈ যিকোনো ধৰণে সমালোচনা কৰাৰ আগতে অন্ততঃ ভালদৰে ভাগৱত গীতা, কোৰাণ, বাইবেল আদি সকলো ধৰ্মগ্ৰন্থ এবাৰ খৰচি মাৰি পঢ়িব আৰু তাত থকা প্ৰতিটো কথা বুজিবলৈ চেষ্টা কৰিব । তাৰ পাছত যদি আপুনি অন্য ধৰ্মত কিবা ভুল দেখে তেন্তে সেই ভুল সকলোকে দেখাওক বা তাক লৈ সমালোচনা কৰক। অন্য ধৰ্মৰ সাৰমৰ্ম নুবুজাকৈয়ে আনৰ জাতি ধৰ্মক লৈ অনুগ্ৰহ কৰি কোনো ধৰণৰ বিতৰ্ক নকৰিব। মোৰ বিশ্বাস আপুনি যদি প্ৰতিখন ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম বুজি পায় তেন্তে আপুনি হয়তো ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ সলনি মানৱতাৰ জয়গান গাব। মই জানো যিসকলে ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম বুজি পায় সেইসকলে ধৰ্মক লৈ কেতিয়াও বিতৰ্ক নকৰে, কাৰণ কোনো ধৰ্মই আন ধৰ্মক নীচ বা বেয়া বুলি ক'বলৈ শিকোৱা নাই। ধৰ্মই মানুহৰ মাজত একতাৰ বান্ধোনেৰে সুদৃহ কৰে। সকলো ধৰ্মই শিকায় যে  মানৱতাই শ্ৰেষ্ঠ ধৰ্ম, মানৱতাই মামুহক মানুহৰ মাজত জীয়াই ৰাখে।

ভাল লাগিলে শ্বেয়াৰ কৰিব যাতে সাম্প্ৰদায়িক মন্তব্যৰ বিপৰীতে সকলোৰে মাজত এক জনমত সৃষ্টি হয়।

বিজয় কুমাৰ চাৰণ
যোৰহাট, অসম

Comments

Popular posts from this blog

মানৱতাই শ্ৰেষ্ঠ ধৰ্ম

মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।

সামাজিক দায়বদ্ধতা

সামাজিক দায়বদ্ধতা- সমাজৰ প্ৰকৃততে উন্নয়ন তেতিয়াহে সম্ভৱ, যেতিয়া সমাজসেৱাৰ লগত জড়িত প্ৰতিটো সংগঠনে ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ বাবে কাম কৰিব। এটা সংগঠনে আন এটা সামাজিক অনুষ্ঠান বা সংগঠনে আন অনুষ্ঠান বা সংগঠনক পৰিপুৰক হিচাপে ধৰি একতাৰ বান্ধোনেৰে কাম কৰিলে সমাজৰ বহু উন্নয়ন হ'ব। সমাজৰ হকে কাম কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰায় দেখো সমাজৰ প্ৰায়বোৰ সংগঠনৰ মাজত একতাৰ অভাৱৰ বাবেই সমাজৰ বিভিন্ন সমস্যাবোৰ কেতিয়াও ওৰ পৰা নাই। সমাজৰ প্ৰতিটো সমস্যা সমাধা হ'বৰ হ'লে প্ৰতিটো সংগঠনৰ মাজত থাকিব লাগিব ঐক্য আৰু একতা। অসমক বাদ দি বাকী সকলো ৰাজ্যতে সংগঠনবোৰৰ মাজত একতা দেখা যায়। যাৰ ফলস্বৰুপে সেই ৰাজ্যসমুহৰ মাজত দেখা দিয়া যিকোনো সমস্যা সোনকালেই সমাধা হয়, কিন্তু অসমত বহু সংঠন থকা স্বত্বেও সকলোৰে মাজত ঐক্য, একতা আৰু সম্প্ৰীতি নথকা বাবে আজিলৈকে কোনো সমস্যাই ভালদৰে সমাধা হোৱা নাই। তাতে অসমৰ দৰে ৰাজ্যত সমস্যাৰ সীমা সংখ্যা নাই। গতিকে প্ৰতিটো সংগঠন অনুস্থানলৈ মোৰ অনুৰোধ আহক সকলো একেলগে কাম কৰি সমাজৰ প্ৰতিটো সমস্যা দুৰ কৰো। সময় যিমানে যাব সমস্যাও সিমানে বাঢ়িব।

জীৱন উপভোগ

জীৱনত সদায় উপভোগ কৰিবলৈ শিকক সৰু সৰু সুখৰ মুহূৰ্তবোৰ, কাৰণ তেনে মূহুৰ্তবোৰ আপুনি সদায় পাব। কিন্তু সেই অনুপাতে জীৱনত ডাঙৰকৈ সুখৰ মূহুৰ্তবোৰ কেতিয়াবাহে পাব, তেনে মূহুৰ্তবোৰ জীৱনত সদায় নাহিবও পাৰে। ফটোঃ স্বপ্নাশিখা গৌতম