যদি এইখন পৃথিৱীত অসত্য কথা এটাকো সত্য বুলি প্ৰমাণ কৰিব পাৰি, তেন্তে সত্য কথা এটাক কিয় সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিম ? নিচ্ছয় পাৰিম, প্ৰয়োজন মাথো আত্মবিশ্বাস, সততা আৰু নিজৰ স্থিতিত অটল থাকিব পৰা ক্ষমতা। বাৰে বাৰে পৰাজয় বৰণ কৰিও যদি সত্যত অটল থাকে, তেন্তে এদিন হ'লেও সত্যৰে জয় হ'ব, কেৱল প্ৰয়োজন সততা, ধৈৰ্য্য আৰু সহনশীলতা।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment