জীৱনত এনেকুৱা কাম কৰা উচিত যিবোৰ কামে অলপ হ'লেও আনক সহায় কৰে, কাৰণ যদিহে কাৰোবাৰ ক্ষতি হোৱা কাম হয় তেন্তে সেই ক্ষতি হোৱা ব্যক্তিজনে আজীৱন আপোনাক বেয়া দৃষ্টিভংগীৰে চাব, কিন্তু কাৰোবাৰ প্ৰতি অকমান সহায়ে আপোনাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পৃথক কৰিব, তেওঁ হয়তো সেই সন্মান সকলোৰে আগত প্ৰকাশ নকৰিবও পাৰে, কিন্তু আপোনাৰ প্ৰতি সন্মান তেওঁৰ অন্তৰত সদায় থাকিব। সময়ৰ তাৰনাত বা ব্যস্ততাৰ মাজত আপোনাক পাহৰি যাব পাৰে, বা মনত নাৰাখিব পাৰে, কিন্তু জীৱনত হয়তো কোনোবা ক্ষণত তেওঁৰ মনত পুৰণি কথা মনত পৰিব আৰু তেতিয়াই আপোনাক অলপ হ'লেও মনত পেলাব, হয়তো সেইয়া হ'ব আপোনাৰ জীৱনৰ বাবে এক সফলতা।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment