মাতৃভাষা হৈছে প্ৰতিটো জাতিৰে আয়ুসৰেখা, জাতিটো তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে মাতৃভাষা জীয়াই থাকিব, মাতৃভাষা অবিহনে জাতি এটা অস্তিত্বহীন। বৰ্তমান সময়ত অসমীয়া জাতিটো সেই দিশে ধাৱমান হৈছে। আমাৰ মাজত মাতৃভাষাৰ ব্যৱহাৰ আৰু চৰ্চা কমি গৈছে আমাৰ মাজত। নিজৰ মাতৃভাষাটো নাজানো বুলি কৈ গৌৰৱ কৰা মানুহৰো অভাৱ নাই বৰ্তমান সময়ত, কিন্তু তেওঁলোকেই দিনে ৰাতিয়ে জাতিৰ কথা চিন্তা কৰে। হয়তো বুজা নাই যে মাতৃভাষা অবিহনে জাতি এটাক জীয়াই ৰখা সম্ভৱ নহয় কাৰো। আহক মাতৃভাষাৰ ব্যৱহাৰৰ জৰিয়তে জাতিটোক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহো সকলো। কাৰণ বেজবৰুৱাদেৱ মতে "চিৰ চেনেহী মোৰ ভাষা জননী।"
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment