Skip to main content

আইনজীৱিসকলৰ প্ৰতি

প্ৰতি,

      চছিয়েল মেডিয়াৰ লগত জড়িত প্ৰতিগৰাকী সন্মানীয় আইনজীৱিসকলৰ প্ৰতি মোৰ আহ্বান।

         বৰ্তমান সময়ত চছিয়েল মেডিয়াৰ অপব্যৱহাৰৰ জৰিয়তে বহু লোকে সমাজত নানান ধৰণৰ সাম্প্ৰদায়িক তথা ধৰ্মীয় বিষবাস্প বিয়পোৱা পৰিলক্ষিত হৈছে। যদিও ভাৰতীয় সংবিধানত চাইবাৰ ক্ৰাইম (Cyber Crime) ৰোধৰ বাবে বহু শক্তিশালী আইন আছে, কিন্তু সাধাৰণ জনতাৰ অজ্ঞতাৰ বাবে বৰ্তমান সময়ত সমাজত বিভিন্ন অশোভনীয় প্ৰচাৰ দেখা পাওঁ, যাৰ বাবে সমাজত এক অশান্ত পৰিবেশৰ সৃষ্টি হৈ আহিছে। মোৰ আহ্বান আপোনালোকৰ প্ৰতি, আপোনালোক প্ৰতিজনেই যিহেতু সকলো ধৰণৰ আইন কানুনৰ বিষয়ে জ্ঞাত, গতিকে আপোনালোকেও বিভিন্ন আইন কানুন সম্পৰ্কে চছিয়েল মেডিয়াত লিখিবলৈ আৰম্ভ কৰক, (বিশেষকৈ চাইবাৰ ক্ৰাইম সম্পৰ্কে) যাতে সমাজৰ সকলোৱে আইন কানুন সম্পৰ্কে কিছু হ'লেও জ্ঞান লাভ কৰে। ইয়াৰ জৰিয়তে সমাজলৈ আপোনালোকেও নিজৰ কিছু যোগাত্মক বৰঙণি আগবঢ়োৱাৰ সুযোগ লাভ কৰিব, ফলস্বৰুপে সমাজত বৰ্তমানে হৈ থকা অশান্তিকৰ পৰিস্থিতি কিছু হ'লেও কমিব। ৰাইজ সজাগ হ'ব, আৰু চছিয়েল মেডিয়া জৰিয়তে কৰা বিতৰ্কৰ পৰা বিৰত থাকিব। আপোনালোকৰ সহযোগিতা কামনা কৰিলো, আশা কৰিছো প্ৰতিজনেই সমাজখন ভাল কৰিবলৈ অলপ হ'লেও আগবাঢ়ি আহিব। যদি আপোনালোকে সমাজখন ভাল নকৰে তেন্তে এদিন জহি খহি শেষ হৈ যাব সকলো। আপোনালোকৰ প্ৰতিটো লেখাতে আমি পূৰ্ণ সহযোগিতা কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলো।

ধন্যবাদেৰে,

বিজয় কুমাৰ চাৰণ
8876577550


(বিঃদ্ৰঃ - যদি আপোনালোকৰ পোষ্টটি ভাল লাগে তেন্তে প্ৰতিজনলে শ্বেয়াৰ কৰক যাতে প্ৰতিজন আইনজীৱিয়ে মোৰ এই আহ্বান শুনা পাই)

Comments

Popular posts from this blog

মানৱতাই শ্ৰেষ্ঠ ধৰ্ম

মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।

সামাজিক দায়বদ্ধতা

সামাজিক দায়বদ্ধতা- সমাজৰ প্ৰকৃততে উন্নয়ন তেতিয়াহে সম্ভৱ, যেতিয়া সমাজসেৱাৰ লগত জড়িত প্ৰতিটো সংগঠনে ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ বাবে কাম কৰিব। এটা সংগঠনে আন এটা সামাজিক অনুষ্ঠান বা সংগঠনে আন অনুষ্ঠান বা সংগঠনক পৰিপুৰক হিচাপে ধৰি একতাৰ বান্ধোনেৰে কাম কৰিলে সমাজৰ বহু উন্নয়ন হ'ব। সমাজৰ হকে কাম কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰায় দেখো সমাজৰ প্ৰায়বোৰ সংগঠনৰ মাজত একতাৰ অভাৱৰ বাবেই সমাজৰ বিভিন্ন সমস্যাবোৰ কেতিয়াও ওৰ পৰা নাই। সমাজৰ প্ৰতিটো সমস্যা সমাধা হ'বৰ হ'লে প্ৰতিটো সংগঠনৰ মাজত থাকিব লাগিব ঐক্য আৰু একতা। অসমক বাদ দি বাকী সকলো ৰাজ্যতে সংগঠনবোৰৰ মাজত একতা দেখা যায়। যাৰ ফলস্বৰুপে সেই ৰাজ্যসমুহৰ মাজত দেখা দিয়া যিকোনো সমস্যা সোনকালেই সমাধা হয়, কিন্তু অসমত বহু সংঠন থকা স্বত্বেও সকলোৰে মাজত ঐক্য, একতা আৰু সম্প্ৰীতি নথকা বাবে আজিলৈকে কোনো সমস্যাই ভালদৰে সমাধা হোৱা নাই। তাতে অসমৰ দৰে ৰাজ্যত সমস্যাৰ সীমা সংখ্যা নাই। গতিকে প্ৰতিটো সংগঠন অনুস্থানলৈ মোৰ অনুৰোধ আহক সকলো একেলগে কাম কৰি সমাজৰ প্ৰতিটো সমস্যা দুৰ কৰো। সময় যিমানে যাব সমস্যাও সিমানে বাঢ়িব।

জীৱন উপভোগ

জীৱনত সদায় উপভোগ কৰিবলৈ শিকক সৰু সৰু সুখৰ মুহূৰ্তবোৰ, কাৰণ তেনে মূহুৰ্তবোৰ আপুনি সদায় পাব। কিন্তু সেই অনুপাতে জীৱনত ডাঙৰকৈ সুখৰ মূহুৰ্তবোৰ কেতিয়াবাহে পাব, তেনে মূহুৰ্তবোৰ জীৱনত সদায় নাহিবও পাৰে। ফটোঃ স্বপ্নাশিখা গৌতম