এখন সমাজৰ প্ৰতিজন লোকৰে গুৰুত্ব সমান। আপুনি সমাজৰ পৰা কি পালে সেইটো ডাঙৰ কথা নহয়, আপুনি সমাজখনক কি দিলে সেইটোহে আচল কথা। আজি যদি আপুনি সমাজক ভাল কিবা এটা দিব পাৰে তেন্তে ভৱিষ্যতে প্ৰজন্মই আপোনাক এখন ভাল সমাজ দিব।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment