জীৱনত পোৱা যিকোনো প্ৰত্যাহ্বানক কেতিয়াও বেছিকৈ গুৰুত্ব নিদিব, যেতিয়াই আপুনি যিকোনো প্ৰত্যাহ্বানক বেছিকৈ গুৰুত্ব দিবলৈ ল'ব তেতিয়াই ই হৈ পৰিব আপোনাৰ বাবে এক সমস্যা।প্ৰতিটো সমস্যাই পাৰ কৰক হেলাৰঙে, আপুনি যদি সৎ পথত থাকে তেন্তে কোনো প্ৰত্যাহ্বানেই আপোনাৰ বাবে কেতিয়াও সমস্যা হ'ব নোৱাৰে। সততা আৰু নিষ্ঠাৰে কাম কৰি যাওক, জীৱনৰ সকলো প্ৰত্যাহ্বান সহজেই পাৰ কৰিব পাৰিব।
মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।
Comments
Post a Comment