Skip to main content

কিছো যোগাত্মক চিন্তাৰে - Consumer Plus


Consumer Plus Shipping card
Northeast innovations নামৰ কোম্পানী অন্তৰ্গত Consumer plus কাৰ্ডৰ বিষয়ে মোৰ এই লেখাতোৰ জৰিয়তে আপোনালোকক আজি অলপ তথ্য ডাঙি ধৰিলো। বহুতৰ হয়তো মনলৈ প্ৰশ্ন আহিব কি হয় এই consumer plus? তেন্তে জানো আহক Consumer plus ৰ বিষয়ে কিছু কথা, আৰু ইয়াৰ লাভালাভৰ বিষয়ে।

# Consumer plus হৈছে এটা discount card 

কাৰ্ডৰ গ্ৰাহক সকলৰ সুবিধা সমূহ :-

১/  কাৰ্ডৰ গ্ৰাহক সকলে কোম্পানীৰ লগত সংযোগ হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা যদি কিবা সামগ্ৰী ক্ৰয় কৰে তেতিয়া গ্ৰাহক সকলে ২ৰ পৰা ১০ % ৰেহাই পাব, হয়তো কিছমান প্ৰতিষ্ঠানত তাটোতকৈ অধিক ৰেহাইও পাব পাৰে।

২/ ডক্তৰ প্লাছ  সুবিধা - কার্ড ক্ৰয় কৰা লোক সকলে বছৰত ২ বাৰ কৈ অসমৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ ডাক্তৰ সকলৰ লগত স্বাস্থ্য সম্পৰ্কীয় অসুবিধাৰ সম্পৰ্কে আলোচনা কৰিব পাৰিব, যেতিয়ালৈকে তেওঁৰ ৰোগ নিৰাময় নহয় তেতিয়া লৈকে ডাক্তৰৰ লগত আলোচনা কৰিব পাৰিব । যদি আপুনি নিজাববীয়াকৈ ডক্তৰৰ লগত  আলোচনাত বহিব বিচাৰে তেতিয়া প্ৰতি আলোচনাৰ বিপৰীতে ৫০০ পৰা ১০০০ টকা পইচা খৰছ কৰিব লগা হয় , কিন্তু এই কাৰ্ডৰ গ্ৰাহক সকলে এই সুবিধা খিনি বিনামূল্যে লাভ কৰিব।

৩/ আপোনালোকে Paytm নাম শুনিছে নিশ্চয়, এই কাৰ্ডৰ গ্ৰাহকসকলে জৰুৰীকালীন সময়ত বছৰত ১ বাৰৰ কাৰণে ৩০ টকাৰ মূল্যৰ recharge কাৰ্ড পাব এই কাৰ্ডৰ তৰফৰ পৰা।

৪/ মিলাপ নামৰ এটা বেচৰকাৰী সংস্থা এই কোম্পানীৰ লগত , এই NGO টোৱে ৰুগীয়া লোকক সহায় কৰে ,সহায় কৰা পদ্ধতি তো হৈছে , ধৰি লওঁক আপোনাৰ ঘৰত কাৰোবাৰ বহুত ডাঙৰ বেমাৰ হৈছে আৰু আপুনি আপোনাৰ টকাৰ অভাৱত ৰোগী জনক উন্নত চিকিৎসা কৰিব পৰা নাই তেতিয়া এই কাৰ্ডৰ সদস্য  জনে কোম্পানীক জনাব পাৰে সকলো সমস্যা , তেওঁলোকে মিলাপৰ যোগেদি আপোনাক ৰোগী জনৰ উন্নত চিকিৎসা কাৰণে পইচাৰ সুবিধা কৰি দিম , হয়তো আপুনি তাত ১ পৰা ৫ লাখ টকাৰ লৈকে সহায় পাব।

5/ এই কাৰ্ড ক্ৰয় কৰা লোক সকলে নিজৰ লৰা ছোৱালীক অনলাইন যোগে ইংৰাজী শিকাব পাৰিব।

৬/   ২৪/৭ মুকলি থাকিব কোম্পানীৰ Help Line নাম্বাৰ (৯৪৩৫৮৭৯০০৭) এই নাম্বাৰ তোৰ যোগেদি কাৰ্ডৰ গ্ৰাহক সকলে কাৰ্ডৰ সম্পৰ্কে কিবা অভিযোগ থাকিলে Customer Care ক ফোন কৰি অৱগত কৰিব পাৰিব, তাৰ উপৰিও কাৰ্ড ক্ৰয় নকৰা লোক সকলেও  ফোন কৰিব পাৰিব। ধৰাহঁওক আপুনি যদিও এই কাৰ্ডৰ সদস্য নহয় আৰু আপুনি উন্নত চিকিৎসা কাৰণে অসম বাহিৰত গৈছে , কিন্তু আপুনি তাত গৈ একো বুজি পোৱা নাই , বা ৰোগীক ৰক্ত প্ৰয়োজন হৈছে কিন্তু আপুনি এখন অচিনাকী চহৰত গৈ কাৰো একো সহায় পোৱা নাই তেতিয়া এই কাৰ্ডৰ Help Line নম্বৰত ফোন কৰি সহায় লব পাৰিব।  মুঠৰ ওপৰত আপুনি অসমৰ বাহিৰত যিকোনো জৰুৰী সমস্যাত পৰিলে এই Help Line নম্বৰত ফোন কৰি সহায় লব পাৰিব।

অধিক তথ্য আৰু যোগাযোগৰ বাবে- 

ৱেবছাইট www consumerplus.in
Email- consumerplusindia@gmail.com
Help Line নাম্বাৰ - 9435879007

যিসকলে এই কাৰ্ড ক্ৰয় কৰা নাই আহক আৰু এই কাৰ্ড ক্ৰয় কৰি ইয়াৰ লাভ গ্ৰহণ কৰক।


Comments

Popular posts from this blog

মানৱতাই শ্ৰেষ্ঠ ধৰ্ম

মন্দিৰৰ দুৱাৰত ভগৱানক বিছাৰি যোৱাতকৈ মানুহৰ মাজত ভগৱানক বিছাৰিবলৈ শিকক, মানুহৰ মাজতেই আপুনি ভগৱানক বিছাৰি পাব। সেইবাবেই হয়তো ৫০০ বছৰ আগতেই মহাপুৰুষজনাইও গাই গৈছে, " কুকুৰ শৃগাল, গদৰ্ভৰো আত্মৰাম, জানিয়ো সবাকে পৰি কৰিবা প্ৰণাম"। ভগৱানক বিছাৰি পাব কেৱল মানুহৰ মাজত, মানৱতাৰ মাজেৰে। কাৰণ মানৱতাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। কেৱল মানৱ সেৱাইহে মানুহৰ জীৱন সফল কৰে।

সামাজিক দায়বদ্ধতা

সামাজিক দায়বদ্ধতা- সমাজৰ প্ৰকৃততে উন্নয়ন তেতিয়াহে সম্ভৱ, যেতিয়া সমাজসেৱাৰ লগত জড়িত প্ৰতিটো সংগঠনে ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ বাবে কাম কৰিব। এটা সংগঠনে আন এটা সামাজিক অনুষ্ঠান বা সংগঠনে আন অনুষ্ঠান বা সংগঠনক পৰিপুৰক হিচাপে ধৰি একতাৰ বান্ধোনেৰে কাম কৰিলে সমাজৰ বহু উন্নয়ন হ'ব। সমাজৰ হকে কাম কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰায় দেখো সমাজৰ প্ৰায়বোৰ সংগঠনৰ মাজত একতাৰ অভাৱৰ বাবেই সমাজৰ বিভিন্ন সমস্যাবোৰ কেতিয়াও ওৰ পৰা নাই। সমাজৰ প্ৰতিটো সমস্যা সমাধা হ'বৰ হ'লে প্ৰতিটো সংগঠনৰ মাজত থাকিব লাগিব ঐক্য আৰু একতা। অসমক বাদ দি বাকী সকলো ৰাজ্যতে সংগঠনবোৰৰ মাজত একতা দেখা যায়। যাৰ ফলস্বৰুপে সেই ৰাজ্যসমুহৰ মাজত দেখা দিয়া যিকোনো সমস্যা সোনকালেই সমাধা হয়, কিন্তু অসমত বহু সংঠন থকা স্বত্বেও সকলোৰে মাজত ঐক্য, একতা আৰু সম্প্ৰীতি নথকা বাবে আজিলৈকে কোনো সমস্যাই ভালদৰে সমাধা হোৱা নাই। তাতে অসমৰ দৰে ৰাজ্যত সমস্যাৰ সীমা সংখ্যা নাই। গতিকে প্ৰতিটো সংগঠন অনুস্থানলৈ মোৰ অনুৰোধ আহক সকলো একেলগে কাম কৰি সমাজৰ প্ৰতিটো সমস্যা দুৰ কৰো। সময় যিমানে যাব সমস্যাও সিমানে বাঢ়িব।

জীৱন উপভোগ

জীৱনত সদায় উপভোগ কৰিবলৈ শিকক সৰু সৰু সুখৰ মুহূৰ্তবোৰ, কাৰণ তেনে মূহুৰ্তবোৰ আপুনি সদায় পাব। কিন্তু সেই অনুপাতে জীৱনত ডাঙৰকৈ সুখৰ মূহুৰ্তবোৰ কেতিয়াবাহে পাব, তেনে মূহুৰ্তবোৰ জীৱনত সদায় নাহিবও পাৰে। ফটোঃ স্বপ্নাশিখা গৌতম